আকাশী গংগা বিছৰা নাই


 

আকাশী গংগা বিছৰা নাই
নাই বিছৰা স্বৰ্ণ অলংকাৰ,
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত
বিচাৰো মৰমৰ মাত এষাৰ,
আকাশী গংগা বিছৰা নাই…..

মহা মহা সাগৰৰে
কতনা লহৰ লেখিলো,
মহা মহা নগৰীতে
কতনা বাট হেৰোৱালো,
মৰম জ্যোতিৰ
পম খেদি খেদি,
মৰম জ্যোতিৰ
পম খেদি খেদি,
বোৱালো গুপুতে অশ্ৰুধাৰ,
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত
বিছাৰো মৰমৰ মাত এষাৰ,
আকাশী গংগা বিছৰা নাই…..

হয়তু নিতৌ হেজাৰ জনৰ
হেজাৰ শৰাই পাওঁ,
তথাপি কিয় বিশেষজনৰ
মৰম বিছাৰি যাওঁ,
মহা মহা নাটঘৰে ঘৰে
কণ্ঠ শোণিত নিগৰালো,
মহা মহা শ্ৰুতা জনতাৰে
মুখত হাঁহি বিৰিঙালো,
ধ্বনিত মৌন পৰত কোনেনো
ধ্বনিত মৌন পৰত কোনেনো
পাতলাব মোৰ দুখৰে ভাগ,
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত
বিছাৰো মৰমৰ মাত এষাৰ,
আকাশী গংগা বিছৰা নাই
নাই বিছৰা স্বৰ্ণ অলংকাৰ….

Posted February 4, 2012 by xonggit in Bhupen Hazarika, Bhupendra Xonggit, Lyrics. Tagged: , .

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: