ৰিম্ ঝিম্ বৰষুণে

ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণে
নেপুৰ বজাই ক’ত, ক’ত,
গিৰ্ গিৰ্ ডাৱৰেনো
মাদল বজাই ক’ত
এই অসম দেশত
অসম দেশত….
হে মাইহাং বাতিত খোৱাৰ পানী
যাচে কোনে ক’ত,
কাৰ পদূলিৰ কেতেকীনো
মলে মলাই ক’ত
এই অসম দেশত
অসম দেশত….

এধানি এধানি নৈ
সাগৰ হয় ক’ত, ক’ত,
সাগৰকো ভয় নকৰেনো কোনে ক’ত
এই অসম দেশত
অসম দেশত….

আইৰে চকুৰে মুকুতানো সৰে ক’ত
সেই মুকুতাৰে মণি পিন্ধি
সাহ পাওঁ ক’ত,
মোৰ দেউতাৰে কপালৰে
ঘাম সৰে ক’ত,
সেই ঘাম দেখি
মৰো যেনে লাগে মোৰ ক’ত
অ’ মোৰ অসম দেশত….

মোৰ কলিজাৰে সুৰবোৰ
বুজে কোনে ক’ত,
ন-পুৰুষে দেশৰ সকে
তেজ দিয়ে ক’ত,
আনে কৰা উপলুঙাক
উফৰাইনো ক’ত
এই মোৰ অসম দেশত,
অ’ ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণে
নেপুৰ বজাই ক’ত, ক’ত,
গিৰ্ গিৰ্ ডাৱৰেনো
মাদল বজাই ক’ত
এই অসম দেশত
অসম দেশত….
এই অসম দেশত
অসম দেশত….

Bhupen Hazarika, Bhupendra Xonggit, Lyrics, , .

চেনেহীৰ ফটা ৰিহা


হে চেনেহীৰ ফটা ৰিহা
ফুলে জকেমকী,
উৰি যায় বতাহৰ আগতে
বোলো আগত,
নেখাই চাৰি সাঁজো
থাকিব পাৰো মই
হে বহাগৰ বিহুৰে লগতে,
শশী মিলনদৈ জালুগুটি পিপলৈ
কেৰাচিন নহ’লে চাকিটি নজ্বলে
তথাপি গাত নাই তত….

ঔৰে গছতে মৌৱে বাহে ল’লে
মই নবগালো গছত,
বোলো গছত
হে গছৰ মৌ নেপাৰি মৌ বিছাৰিলো
চেনেহীৰ মিঠাকৈ ওঁঠতে,
জেতুকাবুলীয়া তাইৰ কুমলীয়া
পকা সুমেথিৰা গোন্ধায় বিৰাজৰা
চাকি চাম ভাতৰে লগত….

আগলী বাঁহৰে লাহৰী গগণা
বাজিছিল দূৰণিৰ বনত
বোলো বনত,
দুয়োৰে মৰমত দুয়ো বান্ধে খালো
যোৱাটো বছৰৰ চ’ততে,
ব’হাগ, জেঠ, আহাৰ, শাওণ,
ভাদ, আহিন, কাতি, আঘোণ,
আকৌ আহি পৰিল চ’ত….

এতিয়া টকা নাই শিকা নাই
বিহুৱানৰ সূতা নাই,
ধানো গ’ল যোৱাটো বানত
বোলো বানত,
মইয়ে চেনেহীয়ে মৰমতহে বাচিছো
এনোৱা নিৰাশাৰ কালতে,
দুখৰ দুইলাই দুখৰ দুবিলাই,
পুৰোচতি লগাই লৈ বৰঘৰ সাজিলো
খেৰ নাইকীয়া চালত….

কুঁহিয়াৰ পেৰাদি আমাক যি পেৰিছে
চান কঢ়া ধনৰে বলত,
বোলো বলত
বিহুটো যাওকগৈ সিহঁতক চাই ল’ম
খাই ল’লো আজিয়েই শপত
হেৰি ডাঙৰীয়া বতৰ ডাৱৰীয়া
টিংপাতৰ টিঙৰী জুইপৰে উফৰি
কাইলৈ পৰিবা ফান্দত,
বোলো কাইলৈ পৰিবা ফান্দত….

Bhupen Hazarika, Bhupendra Xonggit, Lyrics, , .

আই তোক কিহেৰে পুজিমে

 

আই তোক কিহেৰে পুজিমে
আই তোৰ চৰণে দুখানি,
আই অ’ কিহেৰে পুজিমে তোক
আই অ’ জীৱন দি পুজিমে তোক….

আই তোৰ মৰমী কোলাতে
আই মই জনমে লভিলো,
আই তোৰ কিহেৰে শুজিমে ধাৰ
আই অ’ জীৱন দি শুজিমে ধাৰ….

আই অ’ আই
শ্যামলী কোলাতে পাহাৰে-ভৈয়ামে
খেলিলো কতনা খেলা,
আই অ’ আই
শ্যামলী কোলাতে পাহাৰে-ভৈয়ামে
খেলিলো কতনা খেলা,
আই তোৰ মৰমবোৰ নিগৰি
আই অ’ লুইত হৈ বাগৰে,
আই অ’ শান্তি সাগৰলে বুলি
আই অ’ মহা মিলনলে বুলি….

আই তোক কিহেৰে পুজিমে
আই তোৰ চৰণে দুখানি,
আই অ’ কিহেৰে পুজিমে তোক
আই অ’ জীৱন দি পুজিমে তোক….
আই অ’ জীৱন দি পুজিমে তোক….
আই অ’ জীৱন দি পুজিমে তোক….

Bhupen Hazarika, Bhupendra Xonggit, Lyrics, , .

জিক্ মিক্ দেৱালীৰ


জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে,
জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে,
ওচৰা-ওচৰি দুটি ঘৰ
এটি পঁজা আনটো ৰজা ঘৰ,
ৰজাঘৰে হাঁহে মাথো
পঁজাটিত বন্তি নজ্বলে,
জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে….

পঁজাটিত এটি আছে মাটিৰে চাকি
পঁজাটিত এটি আছে মাটিৰে চাকি,
শলিতাও জ্বলি গ’ল নাই আৰু বাকী,
বৰঘৰ আলাসৰ লাড়ুএ হাঁহে
পঁজাটিত পোনাটিৰ টোপনি নাহে,
দুখুনীয়ে নিচুকনি গাই লাহে লাহে
দুখুনীয়ে নিচুকনি গাই লাহে লাহে,
বন্তি আজিও নজ্বলে,
জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে….

বৰঘৰ চোতালত শিলৈ ফুটে
ধুম-ধাম শব্দৰ জাউৰী উঠে,
দেখি তাকে পঁজাটিয়ে চকুলো টোকে
দেখি তাকে পঁজাটিয়ে চকুলো টোকে,
এন্ধাৰত অকলে অকলে,
জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে….

কাইলৈ আহিব দোকমোকালি
আনি দিব পঁজাটিত ৰং-ৰাঙলী,
আনি দিব হেৰুৱা দিনৰ ধেমালি
পঁজাটিয়ে নেকান্দে অকলে,
দেখিবা তাতে যে বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে,
জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে,
জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে,
জিক্ মিক্ দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে….

Bhupen Hazarika, Bhupendra Xonggit, Lyrics, , .

কত জোৱানৰ


কত জোৱানৰ মৃত্যু হ’ল
কাৰ জীৱন-যৌৱন গ’ল
সেই মৃত্যু অপৰাজেয়,
তেনে মৃতক নহ’লো মই কিয়
কত জোৱানৰ মৃত্যু হ’ল….

হেনো হিমালয় ভাৰতৰ প্ৰহৰী
তাহানী শুনিছিলো কাহিনী,
পিছে মৃত জোৱান সবে চিঞঁৰিছে
লাগে চিৰ জাগ্ৰত এটি বাহিনী,,
আজি কামেং সীমান্ত দেখিলো
দেখি শত্ৰুৰ পশুত্ব চিনিলো
আৰু মৃত মৌন শত জোৱানলে
মোৰ অশ্ৰু অঞ্জলী যাচিলো
কত জোৱানৰ মৃত্যু হ’ল….

কত পিতৃ পুত্ৰহাৰা হ’ল
কোন মাতৃৰ বুকু শুদা হ’ল
ৰঙা সেন্দুৰ কাৰ মচা গ’ল
কাৰ বাসনা অপূৰ্ণ ৰ’ল
কত জোৱানৰ মৃত্যু হ’ল….

প্ৰতি জোৱান ৰক্তৰে বিন্দু
হ’ল সাহসৰ অনন্ত সিন্ধু,
সেই সাহসৰ দুৰ্জেয় লহৰে
যাচিলে প্ৰতিজ্ঞা জয়ৰে,
আজি কামেং সীমান্ত দেখিলো
দেখি শত্ৰুৰ পশুত্ব চিনিলো,
আৰু মৃত মৌন শত জোৱানলে
মোৰ অশ্ৰু অঞ্জলী যাচিলো,
কত জোৱানৰ মৃত্যু হ’ল
কাৰ জীৱন-যৌৱন গ’ল
সেই মৃত্যু অপৰাজেয়,
তেনে মৃতক নহ’লো মই কিয়
কত জোৱানৰ মৃত্যু হ’ল….

Bhupen Hazarika, Bhupendra Xonggit, Lyrics,, .

তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি


প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি,
জীৱন ৰেলৰ ডবাত আমি
জীৱন ৰেলৰ ডবাত আমি
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি….

মাজে মাজে মাজে ৰেলে চিঞঁৰে
নোপোৱাৰ বেদনা জুই হৈ উৰে,
আমাৰ এই জুইৰেই অগ্ৰগামী
আমাৰ এই জুইৰেই অগ্ৰগামী
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি,
জীৱন ৰেলৰ ডবাত আমি
জীৱন ৰেলৰ ডবাত আমি
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি….

লগত আছে বোজাৰ বৰ বৰ পেৰা
এই পেৰা অতীতৰ চকুলোৰে ভৰা,
লগত আছে বোজাৰ বৰ বৰ পেৰা
এই পেৰা অতীতৰ চকুলোৰে ভৰা,
আমাৰ এই চকুলো বাষ্প সজালো
সেই বাষ্পেৰেই আমি ধূৰ্তগামী
সেই বাষ্পেৰেই আমি ধূৰ্তগামী
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি
জীৱন ৰেলৰ ডবাত আমি
জীৱন ৰেলৰ ডবাত আমি
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি….

তৃতীয় শ্ৰেণীৰ শত সহযাত্ৰী
মিলি দেখিম পোৱাব কালৰাত্ৰি
একেলগেহে পামগৈ লক্ষ্য আমি
একেলগেহে পামগৈ লক্ষ্য আমি
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি
জীৱন ৰেলৰ ডবাত আমি
জীৱন ৰেলৰ ডবাত আমি
প্ৰথম নহয় দ্বিতীয় নহয়
তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি….

Bhupen Hazarika, Bhupendra Xonggit, Lyrics,, ,

নেকান্দিবা নেকান্দিবা


নেকান্দিবা নেকান্দিবা
মোৰে নতুন কইনা,
পাহাৰ বগাই ধৰি আনিম
তুমি খোজা মইনা মইনা
নেকান্দা কইনা….
নেকান্দিবা নেকান্দিবা
মোৰে নতুন কইনা,
পাহাৰ বগাই ধৰি আনিম
তুমি খোজা মইনা মইনা
নেকান্দা কইনা….

আনৰে সোণ লুকুৱাবলে
পিতাই শিক্ষা নিদিলে,
সমাজৰ ধন চান কাঢ়িবলে
আয়ে শিক্ষা নিদিলে,
কোবেৰৰো পু ন’হলো
দিবলৈ সোণ গহনা,
পাহাৰ বগাই ধৰি আনিম
এটি জীয়া মইনা মইনা
নেকান্দা কইনা….

ধনীৰ ঘৰত পৰাহেঁতেন
আজি তুমি কইনা,
পেৰা ভৰাই মণি-কেৰু
পালাহেঁতেন কতনা,
পাহৰিব খোজা যদি
পেটৰ ভোকৰ যাতনা,
দেখুৱাব পাৰো মই
কংস-বধৰ ভাওনা ভাওনা
নেকান্দা কইনা….

আনক মাৰি ধান সাঁচিবলে
গুৰুৱে শিক্ষা নিদিলে,
মিঠাতেলত বিহ ঢালিবলে
গুৰুৱে শিক্ষা নিদিলে,
আগলী বাঁহৰে যদি
লাহৰী গগনা,
শুনিব খুজিছা তুমি
বজাই শুনাম মইনা মইনা
নেকান্দা কইনা….
নেকান্দিবা নেকান্দিবা
মোৰে নতুন কইনা,
পাহাৰ বগাই ধৰি আনিম
তুমি খোজা মইনা মইনা
নেকান্দা কইনা….

Bhupen Hazarika, Bhupendra Xonggit, Lyrics,, .

Follow

Get every new post delivered to your Inbox.